গুৱাহাটীঃ চিলাপথাৰ কাণ্ডৰ তৃতীয় সংস্কৰণৰ বিৰুদ্ধে জাগিছে ৰাজ্যৰ সাধাৰণ ৰাইজ৷ চিলাপথাৰ কাণ্ডৰ ছেকেণ্ড পাৰ্ট আছিল নগাঁও কাণ্ড৷ আৰু থাৰ্ট পাৰ্ট সংঘটিত কৰিলে গামোচা জ্বলাই নগাঁৱৰ জুৰীয়াত৷ গামোচা জ্বলোৱা কাৰ্য অসমীয়াৰ স্বাভিমানত আঘাত হনা বুলি চৰ্চা হোৱাত পুনৰ তেজ গৰম হৈছে থলুৱা অসমীয়াৰ৷
দল-সংগঠনে পুনৰ ৰাজ পথলৈ ওলাই আহি জুৰীয়াৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ উত্তাল কৰি তুলিছে সমগ্ৰ ৰাজ্য৷ একাংশ লোকে ৰাজ্যত ক্ৰমান্বয়ে এটি জাতীয়তাবাদ বিৰোধি চক্ৰই শ্বহিদবেদী, সুধাকন্ঠৰ প্ৰতিচ্ছবি দলিওৱাৰ লগতে গামোচা জ্বলাই অসমত দপদপনি বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি কয়৷