পাৰাগনাঃ ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰায় ৪ কিলোমিটাৰ নিলগৰ এখন গাৱৰপৰা অসম আৰু পশ্চিম বংগ আৰক্ষীৰ যুটীয়া অভিযানত অৱশেষত গ্ৰেপ্তাৰ হ’ল চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাস। পশ্চিম বংগৰ ২৪ পাৰাগনা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা পুৱতি নিশা ৪ বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুবোধক।

সুবোধৰ সৈতে সুভাষ বিশ্বাস নামৰ আন এজন সহযোগীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইফালে সুবোধৰ সভাপতিত্বত থকা নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিক শীঘ্ৰে নিষিদ্ধ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ। চিলাপথাৰ কাণ্ডৰ পিছতে দোষীক গ্ৰেপ্তাৰৰ লগতে সংগঠনটোক নিষিদ্ধ কৰাৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচী।

সুবোধ বিশ্বাসক গ্ৰেপ্তাৰৰ কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জনালে আছুৱে৷ আজি কলকাতা আদালতত হাজিৰ কৰোৱা হ’ব অসমীয়াৰ স্বাভিমানত আঘাত হনা সুবোধ বিশ্বাসক৷ চিলাপথাৰ কাণ্ডৰ পিছতে ১৬ দিন ধৰি পলাতক হৈ আছিল সুবোধ। পশ্চিম বংগ আৰক্ষীয়ে বিশ্বাসক প্ৰত্যাৰ্পণ কৰিব অসম আৰক্ষীক। ইয়াৰ আগেয়ে সুবোধক পশ্চিম বংগৰ আদালতত হাজিৰ কৰোৱা হ’ব পাৰে। 

৬ মাৰ্চত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ ধেমাজি জিলাৰ চিলাপথাৰস্থিত কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযুক্ত সুবোধ বিশ্বাসক আটক কৰাৰ দাবী উঠিছিল সমগ্ৰ ৰাজ্যতে। ইফালে অসম আৰক্ষীৰ চকুত ধূলি দি ভয়াৱহ ঘটনাটোৰ পাছত ইমানদিনে পলাতক অৱস্থাত থকা সুবোধ বিশ্বাসক বিচাৰি অসম আৰক্ষীৰ কেইবাটাও দলে অসমৰ লগতে নতুন দিল্লী, পশ্চিম বংগ আৰু মহাৰাষ্ট্রত অভিযান চলাইছিল৷ এই সন্দৰ্ভত আৰক্ষীয়ে মুঠ ৪৯ জন অভিযুক্তক গ্রেপ্তাৰো কৰিছিল৷