পাৰাগনাঃ ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰায় ৪ কিলোমিটাৰ নিলগৰ এখন গাৱৰপৰা অসম আৰু পশ্চিম বংগ আৰক্ষীৰ যুটীয়া অভিযানত অৱশেষত গ্ৰেপ্তাৰ হ’ল চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাস। পশ্চিম বংগৰ ২৪ পাৰাগনা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা পুৱতি নিশা ৪ বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুবোধক।
সুবোধৰ সৈতে সুভাষ বিশ্বাস নামৰ আন এজন সহযোগীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইফালে সুবোধৰ সভাপতিত্বত থকা নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিক শীঘ্ৰে নিষিদ্ধ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ। চিলাপথাৰ কাণ্ডৰ পিছতে দোষীক গ্ৰেপ্তাৰৰ লগতে সংগঠনটোক নিষিদ্ধ কৰাৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচী।