চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰীঘাটত আকৌ এক ঘটনা সংঘটিত হয়৷ শনিবাৰে গা ধুবলৈ গৈ সন্ধানহীন হয় এগৰাকী কিশোৰী৷
মেধিপমুৱা গাঁৱ নিবাসী তাগিন পাইত আৰু ধন্যৱতী পাইতৰ ১২ বছৰীয়া কন্যা যুগমায়া পাইতে (অতছ্যুৰ) দেওবাৰে বিয়লি প্ৰায় ৪ বজাত পথাৰৰপৰা আহি গা ধুবলৈ বুলি সোণাৰীঘাট অংশৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল। সমনীয়াৰ সৈতে স্ফুৰ্তিৰে গা ধুই থকাৰ সময়তে অকস্মাত নদীৰগৰা খহি যোৱাত নদীৰ গভীৰ অংশত পৰি যায়।
চকুৰ পচাৰতে বাৰিষাৰ ঢলে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটুৱাই লৈ গ’ল বহুদূৰ। সমনীয়াই ঘটনাটো দেখি চিঞৰ বাখৰ কৰাৰ পাছতেই ঘটনাস্থলীত বহু লোক আহি উপস্থিত হৈয়হি৷