শিলচৰঃ মহিলাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে শিলচৰৰ এগৰাকী সাংসদে। পুৰুষৰ বাবে যদি চৰকাৰে কণ্ডম বিনামূলীয়া কৰিব পাৰে, তেন্তে মহিলাৰ স্বাস্থ্যৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত চেনিটাৰী নেপকিন যোগান ধৰাৰ কথা কিয় চিন্তা কৰিব নোৱাৰে চৰকাৰে- এই প্ৰশ্ন শিলচৰৰ সাংসদ সুস্মিতা দেৱৰ। 

কেৱল প্ৰশ্ন কৰাই নহয়, ইয়াৰ বাবে 'টেক্স ফ্ৰী উইংগচ’ শীৰ্ষক এক বিশেষ স্বাক্ষৰ অভিযানো আৰম্ভ কৰিছে সাংসদগৰাকীয়ে। চেনিটেৰী নেপকিনৰ ওপৰত চৰকাৰৰ কৰ আঁতৰোৱাৰ বাবে চেঞ্জ ডট অৰ্গ (Change.org) যোগে আৰম্ভ কৰা সুস্মিতাৰ এই পিটিশ্যন অভিযানে লাভ কৰিছে বিশেষ সঁহাৰি। ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে ৭ হাজাৰৰো অধিক লোকে। 

সংবাদ মাধ্যমৰ আগত এক সাক্ষাতকাৰত সাংসদগৰাকীয়ে কয় যে মহিলাসকলে বছৰৰ বাৰ মাহেই কৰ দিবলগীয়া হয়৷ কিন্তু তেওঁলোকে এনে এটা সামগ্ৰীৰ ওপৰত কৰ দিয়ে য’ত তেঁওলোকৰ নিয়ন্ত্ৰণ নাথাকে৷ এই পিটিশ্যনৰদ্বাৰা মহিলাসকলে মাহেকীয়াৰ পৰিস্কাৰ-পৰিচ্ছনতা সম্পৰ্কেও সজাগ হ’ব তেওঁ মন্তব্য কৰে৷ 

যিখন দেশত ৭০ শতাংশ মহিলাই চেনিটাৰী নেপকিন ক্ৰয় কৰিবলৈ অসমৰ্থ, তেনে এখন দেশত সেই সামগ্ৰীবিধৰ বাবে কৰ দিবলগা হোৱাটো পৰিতাপৰ বিষয় বুলিও কয় সাংসদগৰাকীয়ে। নেপকিন কিনিব নোৱৰাৰ বাবে গ্ৰামাঞ্চলত বহুতো কিশোৰীয়ে আধাতে বিদ্যালয় এৰে।

এই বিষয়ক লৈ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে মাত মাতি আহিছে যদিও এইবাৰ হয়তো চৰকাৰৰ কাণত পৰিব বুলি আশা কৰিছে সুস্মিতাই। সেয়ে নতুন জিএচটি আইনখনতেই চেনিটাৰী নেপকিনক কৰমুক্ত কৰাৰ বাবে বিত্তমন্ত্ৰী অৰুণ জেটলীক অনুৰোধো জনাইছে সাংসদ সুস্মিতাই।