তেজপুৰঃ অসমৰ সংস্কৃতিৰ ৰাজধানী তেজপুৰৰ জ্যোতিপ্ৰসাদৰ  বাসস্থান  ''পকীত’’ আজি শিল্পী দিৱস পালন কৰা হয় । জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি জ্যোতিৰ জীৱনৰ ওপৰত মুল্যাংকন কৰে তেজপুৰৰ শিল্পী সকলে আৰু লগতে নৃত্যগীতৰ মাজৰে জ্যোতি সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। এই অনুস্থানতে তেজপুৰৰ কবি সকলৰ আহ্বানত এখনিকবি সন্মিলনো অনুষ্ঠিত কৰা হয় ।