কাৰ্বি আংলংঃ প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। সমগ্ৰ অসমৰ লগতে সংগতি ৰাখি বোকাজানতো কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু বোকাজান সাহিত্য সভাৰ যৌথ উদ্যোগত বৰ্ণাধ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় ৷
বোকাজান ব্ল’ক বাকৰিস্থিত বোকাজান সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত শিল্পী দিৱসৰ এদিনীয়া বিস্তৃত কায্যসূচীত পুৱা ৮.৩০ বজাত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই সাহিত্য সভাৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা কাৰ্যসূচীত সমবেত সংগীত প্ৰদৰ্শন কৰে বোকাজান সাহিত্য সভাৰ সদস্যাসকলে ৷ ৯.০০ বজাত বোকাজান সাহিত্য সভাৰ সভানেত্ৰী ৰুমী বৰুৱাই স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰাৰ পাছতেই বোকাজান সাহিত্য সভাৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য দ্ৰোণেশ্বৰ দুৱৰাই ৷