• কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু বোকাজান সাহিত্য সভাৰ যৌথ উদ্যোগত বোকাজানত শিল্পী দিৱস অনুষ্ঠিত
  • কাব্যালোচনী এখোজৰ দ্বিতীয় সংস্কৰণ উন্মোচন

কাৰ্বি আংলংঃ প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। সমগ্ৰ অসমৰ লগতে সংগতি ৰাখি বোকাজানতো কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু বোকাজান সাহিত্য সভাৰ যৌথ উদ্যোগত বৰ্ণাধ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় ৷ 

বোকাজান ব্ল'ক বাকৰিস্থিত বোকাজান সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত শিল্পী দিৱসৰ এদিনীয়া বিস্তৃত কায্যসূচীত পুৱা ৮.৩০ বজাত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই সাহিত্য সভাৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা কাৰ্যসূচীত সমবেত সংগীত প্ৰদৰ্শন কৰে বোকাজান সাহিত্য সভাৰ সদস্যাসকলে ৷ ৯.০০ বজাত বোকাজান সাহিত্য সভাৰ সভানেত্ৰী ৰুমী বৰুৱাই স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰাৰ পাছতেই বোকাজান সাহিত্য সভাৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য দ্ৰোণেশ্বৰ দুৱৰাই ৷ 

আনহাতে বোকাজান নগৰস্থিত কলাক্ষেত্ৰ প্ৰাংগণত আজিৰে পৰা অনুষ্ঠিত হোৱা বোকাজান গ্ৰন্থমেলাৰ বাকৰিত দিনৰ ১ঃ৩০ বজাত  কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাৰ পৌৰাহিত্যত অনুষ্ঠিত শিল্পী দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ড০ নয়ন মণি মেধি উপস্থিত থকাৰ লগতে নিদিষ্ট বক্তা হিচাপে উপস্থিত আছিল কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নৰেণ দত্ত ডাঙৰীয়া ৷ আনহাতে সন্মানীয় অতিথি হিচাপে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি পাৰি ৰংপি, বিশিষ্ট অতিথি হিচাপে ডিফু কাৰ্যালয়ৰ আঞ্চলিক সম্পাদিকা মঞ্জু হাজৰিকাৰ লগতে অসম সাহিত্য সভাৰ মাতৃ ভাষা আৰু ৰাজ্য ভাষা প্ৰয়োগ সমিতিৰ সদস্য দেৱেন কাকতি, বেংক অ'ফ বৰোদাৰ বোকাজান শাখা পৰিচালক অপূৰ্ব দাস, আমন্ত্ৰিত অতিথি হিচাপে বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈ, উপ-সভাপতি ৰণজিৎ বৰা, কাৰ্বি সাহিত্য সভাৰ সভাপতি বাৰিম ইংতি উপস্থিত আছিল ৷ 

উক্ত মুকলি সভাতেই অসম সাহিত্য সভাৰ শিশু সাহিত্য বিকাশৰ অনন্য অনুষ্ঠান কুঁহি অনুষ্ঠিত হোৱাৰ উপৰি বোকাজান সাহিত্য সভাৰ প্ৰকাশন সচিব দিগন্ত বৰাৰ সম্পাদনত প্ৰকাশিত কাব্যালোচনী এখোজ ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী প্ৰেম চেতিয়াই ৷ মুকলি সভাৰ পাছতেই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰে শিল্পী দিৱসৰ সামৰণি পৰে ৷