newsnextone.com।তামুলপুৰঃ  তামুলপুৰৰ মাজমজিয়াত স্থাপিত অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যা নিকেতনৰ পঞ্চবিংশতিতম বৰ্ষ পূৰ্তি উপলক্ষে ২০১৮ ইংৰাজী শিক্ষা বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী।

ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সফল ৰূপায়নৰ অন্তত অহা ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সামৰণি অনুষ্ঠানৰ মূল কাৰ্যসূচী ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হব। সেই উপলক্ষে উদযাপন সমিতিৰ তৰফৰ পৰা এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে।

ৰূপালী জয়ন্তী উদযাপন সমিতিৰ অধীনস্থ স্মৃতিগ্ৰন্থ উপ-সমিতিয়ে নিকেতনৰ ছাত্র-ছাত্রী, প্ৰাক্তন ছাত্র-ছাত্রী, আচাৰ্য-আচাৰ্যা, অভিভাৱক-অভিভাৱিকা,  নিকেতনৰ প্ৰাক্তন পদাধিকাৰী, প্ৰতিষ্ঠাপক কৰ্মকৰ্তা আৰু ইচ্ছুক লেখক-লেখিকা সকলৰ পৰা শিক্ষা সম্বন্ধীয়, শিশু স্বাস্থ্য সম্বন্ধীয় প্ৰবন্ধ, নিবন্ধ লগতে নিকেতনৰ স্মৃতি বিজড়িত ভিন্ন অভিজ্ঞতা আদি লেখা আহ্বান কৰিছে।

ইচ্ছুক লেখক, লেখিকা সকলক তেওঁলোকৰ লেখা সমূহ ৩০ অক্টোবৰ অথবা তাৰ আগতে পোৱাকৈ বৈকুণ্ঠ কলিতা সম্পাদক, স্মৃতিগ্ৰন্থ-ৰূপালী জয়ন্তী সমাৰোহ,শঙ্কৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ, ডাকঘৰ-তামুলপুৰ, জিলা-বাক্সা, বি টি এ ডি, অসম: পিন-৭৮১৩৬৭ অথবা baikunthakalita02@gmail.com এই ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে।