বেতবাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে আজি কেন্দ্ৰীয় শক্তি মন্ত্ৰী পীযুষ গোৱেলৰ প্ৰতিমূৰ্তি দাহ কৰি কেন্দ্ৰীয় চৰকীৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
অসমৰ ৰাইজৰ দাবীক তথা জনমতক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে জলবোমা সদৃশ বৃহত নদীবান্ধ যিকোনো বিনিময়ৰ ফলত সম্পুৰ্ণ কৰিব ওলোৱাত সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় শক্তি মন্ত্ৰী পিযুষ গোৱেলৰ প্ৰতিমুৰ্ত্তী দাহেৰে প্ৰতিবাদ জনায় বৃহত নদীবান্ধ হব নিদিও বুলি হুংকাৰ দিয়ে৷