শিমলুগুৰিঃ সোমবাৰে পুৱাই পথ মেৰামতিৰ দাবীত ৰাজ পথলৈ ওলাই আহিল শ-শ লোক৷ শিৱসাগৰৰ শিমলুগুৰিত শ-শ লোকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ONGC-পৰিবহন নিগম মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে শিমলুগুৰি৷
শিমলুগুৰিৰ ধোদৰ আলি পথ মেৰামতিৰ তথা পথ দুৰ্ঘটনাত নিহত এগৰাকী যুৱতীক সাহায্য প্ৰদানৰ দাবীত ৰাইজে পুৱাই ঘৰৰ পৰা ওলাই আহি পথ অৱৰোধ কৰি ৰাজ পথ উত্তাল কৰে৷ জানিব পৰা মতে, ঐতিহ্যমণ্ডিত ধোদৰ আলিৰ সংযোগী ৰাজগড় পথ মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷