ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু তেওঁ চৰকাৰৰে এজন মন্ত্ৰী যশোধৰা ৰাজে সিন্ধিয়াক নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দিয়া নিজৰ ভাষণ সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছে। মুংগাবলি আৰু কোলাৰচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছে কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে দুয়োগৰাকী নেতাৰ ভাষণ নীৰিক্ষণ কৰে।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মুংগাবলিত প্ৰচাৰৰ সময়ত ভোটাৰসকলক দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে এই বিষয়ে আপত্তি দৰ্শাই নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে। নিৰ্বাচন আয়োগৰ নীতি উলংঘা কৰাৰ সূচনা জাৰি কৰি আয়োগে শিৱৰাজ সিং চৌহানক সতৰ্ক কৰি ৰাজহুৱা সভাত ভাষণ দিয়াৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে।