Home ৰাজ্যখেৰণিৰ জ্যেষ্ঠ নাগৰিক ছিং ফুৰাৰ বিয়োগ

খেৰণিৰ জ্যেষ্ঠ নাগৰিক ছিং ফুৰাৰ বিয়োগ

by News Desk
67 views
A+A-
Reset

ডিজিটেল ডেক্স,খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিৰ অঞ্চলৰ একালৰ স্বনামধন্য সমাজ সেৱক তথা ৰাইজৰ আৰ্থিক, সামাজিক, সাংস্কৃতিৰ লগতে বিশেষকৈ শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হিচাপে সমাজত পৰিচিত জ্যেষ্ঠ নাগৰিক ছিং ফুৰা আৰু নাই। যোৱা ১২ অক্টোবৰত তেখেতৰ মৃত্যু হয়। শতায়ু গৰকা জ্যেষ্ঠ নাগৰিক ছিং ফুৰাৰ বিয়োগৰ খৱৰে এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। 
উল্লেখযোগ্য যে এসময়ত বৃহত্তৰ খেৰণি অঞ্চলত ৰাইজৰ স্বাৰ্থত শিক্ষাৰ সু-ব্যৱস্থাৰ বাবে সৰ্বপ্ৰথমে প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন কৰাৰ উদ্যোগ লৈ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি শিক্ষাৰ্থীৰ শিক্ষা লাভৰ বাট মুকলি কৰিছিল এইগৰাকী সমাজ সেৱকে। লগতে অঞ্চলটোৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান তথা খেৰণি পি ভি এন হাই স্কুলৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যও আছিল তেওঁ। আনহাতে ৰাইজৰ আৰ্থিক দিশ উন্নয়নৰ বাবে তথা কৃষি কৰ্মৰে উৎপাদিত বিভিন্ন শস্য ক্ৰয়-বিক্ৰয় বাবে এখন সাপ্তাহিক বজাৰৰ প্ৰয়োজনৰ কথা বোধ কৰি খেৰণিত সাপ্তাহিক বজাৰ স্থাপন ক্ষেত্ৰতো অগ্ৰণী ভূমিকা আছিল। আৰ্থিক উন্নয়নৰ বাবে ধন সঞ্চয় যে কৰিব লাগে অৰ্থাৎ বেংক’ত ধন জমা ৰাখিব লাগে সেই সম্পৰ্কে ৰাইজৰ মাজত অঞ্চলটোত প্ৰথম সজাগতা সৃষ্টি কৰাৰ অন্যতম ব্যক্তি আছিল। কেৱল সিমানে নহয় বৰ্তমান খেৰণিত অৱস্থিত আমৰেঙ সংৰক্ষিত বনাঞ্চলৰ বনাঞ্চলিক কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা আছিল তেওঁৰ। তেওঁৰ নিজা গাওঁ লাংথাত’ত বৰ্তমান অৱস্থিত প্ৰাথমিক বিদ্যালয় প্ৰতিস্থা কৰাৰ মূলতঃ তেওঁৰে মুখ্য ভূমিকা আছিল। মুঠৰ ওপৰত ষাঠি দশকত সমগ্ৰ খেৰণি অঞ্চলত আৰ্থিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ঠ অৱদান আছিল। এনেদৰে এগৰাকী বিভিন্ন দিশৰ পথ পদৰ্শক ব্যক্তিক হেৰুৱাবলগীয়া হোৱাত এতিয়া অঞ্চলটোৰ ৰাইজে শূন্যতা উপলব্ধি কৰিছে আৰু তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰীয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে এইগৰাকী মহান ব্যক্তিৰ গুণমুগ্ধই।

খেৰণিৰ পৰা কনক দেউৰী, ফোন-৮০১১৬৬২২৩৬.

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0