60
পাথৰিঘাটঃ ঐক্য সংহতিৰ বাৰ্তাৰে সামৰণি পৰিল দৰং জিলাৰ ছিপাঝাৰৰ ৰাস মহোৎসৱ৷ অঞ্চলটোৰ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ লোকৰ সহযোগত বছৰ বছৰ ধৰি পালন কৰি অহা ছিপাঝাৰৰ ৰাস মহোৎসৱত এইবেলি ভক্তৰ লানি নিছিগা সোঁত বয়৷
ভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাত বহু শিশুই কৃষ্ণ ৰূপত অৱতীৰ্ণ হৈ লয়লাস নৃত্যৰে ৰাইজক আপ্লুত কৰা দেখা যায়।