অভয়াপুৰীঃ আম্বানী অথবা আদানীৰ ফেক্টৰীত বানপানী উঠিলে চৰকাৰে জৰুৰী ভাবে হেলিকাপ্টাৰৰ ব্যৱস্থা কৰিব৷ সাধাৰণ লোকৰ বাবে তৎপৰ নহয় এই চৰকাৰ৷ বান সাহায্য তথা উদ্ধাৰ অভিযান চলোৱাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰক এনেদৰে আক্ৰমণ কৰে সাংসদ চিৰাজউদ্দিন আজমলে৷
বানৰ কবলত পৰি হাহাকাৰ কৰি থকাৰ সময়ত দুৰ্গতসকলৰ ওচৰত থিয় নিদি পানী শুকাই যোৱাৰ পাছত সাংসদগৰাকী উপস্থিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মানাহ নৈৰ বাঢ়নি পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী মধুফল অঞ্চল ভ্ৰমণ কৰি আজি ৰাজ্য চৰাকৰক এই দৰে আক্ৰমণ কৰে সাংসদ আজমলে৷