জয়সাগৰ পুখুৰীত অৰ্ধ শতাধিক পৰিভ্ৰমী পক্ষীৰ মৃত্যু... কেনেকৈ

 | by NNO Correspondent  |  0
Printer-friendly version

শিৱসাগৰৰপৰা ধ্রুৱজ্যোতি বড়াঃ ঐতিহাসিক জয়সাগৰৰ এছিয়া মহাদেশৰ সৰ্ববৃহৎ জয়সাগৰ পুখুৰীত জাকে জাকে মৃত্যু হৈছে পৰিভ্ৰমী পক্ষী৷ ধৃতৰাজকে ধৰি নিৰীহ বন হংস জীৱ শ্ৰেষ্ঠ বুলি দাবী কৰা একাংশ অমানুহৰ জীঘাংসাৰ বলি হৈ মৃত্যু হৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে৷

এয়া জয়সাগৰত প্রথম ঘটনা নহয়৷ আগতেও এনে ঘটনা সংঘটিত হৈছে এই অঞ্চলত৷ শিৱসাগৰ জিলা প্ৰশাসনক সাংবাদিকে তিনি ঘন্টাৰ পূৰ্বেই সমগ্ৰ ঘটনা অৱগত কৰাৰ পাছতো জয়সাগৰ পুখুৰীত উপস্থিত হ’বলৈ সময় নোলাল জিলা প্ৰশাসনৰ এজনো বিষয়াৰ৷

ফলত শিৱসাগৰৰ বহু কেইজন সাংবাদিকৰ প্রচেষ্টাতেই নৌকাৰে অৰ্ধ শতাধিক মৃত হাঁহ উদ্ধাৰ কৰাৰ লগতে কুৰিৰো অধিক জীবিত অৱস্থাত উদ্ধাৰ কৰে, গৰিষ্ঠ সংখ্যক হাঁহৰে অৱস্থা সংকটজনক৷ 

অৱশ্যে চিকিৎসক আৰু বন বিভাগৰ দুগৰাকীমান কৰ্মচাৰীৰ প্ৰচেষ্টাত বহু কেইটা ধৃতৰাজ পক্ষীৰ প্ৰাণ ৰক্ষা পৰিব বুলি আশা কৰিছ, উল্লেখ্য  যে শিৱসাগৰ জিলা প্ৰশাসনে যদিহে সাংবাদিকে খবৰ দিয়াৰ লগে লগে তৎপৰতা প্ৰদৰ্শন কৰিলেহেঁতেন, হয়তো কেইবাটাও পক্ষীৰ প্ৰাণ ৰক্ষা পৰিল হয়, প্রশাসনৰ এনে ভূমিকাক স্থানীয় ৰাইজ তথা প্রকৃতিপ্রেমীয়ে তীব্র ভাষাৰে সমালোচনা কৰিছে৷ 

ইয়াৰ উপৰিও জয়সাগৰ থানা ৰূপহী পথাৰ আৰু জয়সাগৰ পুখুৰী প্রায় ওচৰতে এনে অৱস্থাত এনে দুখ জনক ঘটনা সংঘটিত হোৱাক লৈ সকলোৰে চকু কপালত উঠিছে৷