79
শিৱসাগৰঃ অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰ দাবীত শনিবাৰে নিশা অসম নগালেণ্ড সীমাৱৰ্তী শিৱসাগৰ জিলাৰ হালোৱাটিঙত জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত সংগঠনটোৰ শতাধিক সদস্যই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।