জিয়াৰুদ্দিন আহমেদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ এক জনবসতিপূৰ্ণ এলেকা খনিকৰ গাঁৱত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে, নামতি চাৰিআলি খনিকৰ গৰখীয়া পুখুৰী পাৰত আবকাৰী বিভাগ, জিলা প্ৰশাসন, স্থানীয় অভিযোগকাৰী, দেশীয় সুৰাৰ পাইকাৰী অনুজ্ঞাপত্ৰধাৰী, গাঁওবুঢ়াৰ মাজত ৰাজহুৱা শুনানি অনুষ্ঠিত হৈছিল। শুনানিৰ সময়ত স্থানীয় অৰ্দ্ধশতাধিক পুৰুষ-মহিলাই জনবসতিপূৰ্ণ এলেকাটোত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন কৰিব নালাগে বুলি স্পষ্ট মত প্ৰকাশ কৰে।