
শিৱসাগৰঃ সোমবাৰৰেপৰা আৰম্ভ হৈছে মহা শিৱৰাত্রি। শিৱসাগৰত আন্তঃৰাষ্ট্রীয় পৰ্যায়ত আয়োজন কৰা মহা শিৱৰাত্রি আৰু মেলাৰ এইবাৰ দুবছৰত ভৰি দিছে।
প্রতি বছৰৰ দৰে এইবাৰো ভক্তসকলে অনাৰ্য দেৱতা শিৱক পূজা অৰ্চনা কৰাৰ নিমিত্তে শিৱদৌল প্রাংগণত ভৰি পৰিছে। শিৱদৌলৰ চাৰিওফালে যাতে ভক্তসকলে কোনো অসুবিধা সন্মুখীন হ’ব লগা নহয় তাৰ বাবে প্রশাসনৰ কঠোৰ নিৰাপত্তাৰ লগতে চি চি টিভিৰো ব্যৱস্থা কৰা হৈছে।
চাৰিদিনীয়াকৈ আয়োজন কৰা এই শিৱৰাত্রিৰ মেলাত বিপনীসমূহতো উপলব্ধ হৈছে নানা সামগ্রীৰ। শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি নানান সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বৰ্দিং খেলপথাৰ প্রাংগণত।