ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ যোৱা চাৰি এপ্রিলত চত্তীশগড়ত নক্সাল উগ্রপন্থীৰে হোৱা সংঘৰ্ষত দেশৰ বাবে প্রাণ আহুতি দিয়া বীৰ শ্বহীদ জোৱান বিপুল বড়াৰ শ্বহীদ হোৱা শনিবাৰে একমাহ সম্পূৰ্ণ হ’ল।
আধ্যত্মিক পৰম্পৰাৰে আজি পৰিয়াল তথা ধনেখোৱা গাঁওবাসীয়ে সম্পন্ন কৰিলে এমহীয়া কাজ। উল্লেখ্য যে কাজত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। তেওঁ বীৰ শ্বহীদগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত বীৰ শ্বহীদ পৰিয়ালটোলৈ অসম চৰকাৰৰ হৈ বিশলাখ টকাৰ এখন চেক প্রদান কৰে মুখ্যমন্ত্রী সোণোৱালে।