শিৱসাগৰঃ শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন শনিবৰৰেপৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে শিৱসাগৰ জিলাৰ দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত।
পুৱা পতাকা উত্তোল কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বুঢ়াগোহাঞিয়ে। স্মৃতি তৰ্পণ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় উপ-সভাপতি বিজয় কৃষ্ণ দত্তই। ইয়াৰ পাছত ফুল সাধনিদাৰ সোঁৱৰণি জ্যোতি সংগীত, বিষ্ণু সংগীত আৰু ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটো উদ্ধোধন কৰে শিৱসাগৰ জিলাৰ আৰক্ষী আধীক্ষক সুবোধ সোণোৱালে।