newsnextone.com | হাইলাকান্দি/আমগুৰিঃ শিৱসাগৰ জিলাৰ এগৰাকী সাধাৰণ পান দোকানীৰ পুত্ৰই শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ দৰিদ্ৰ পৰিয়ালটোৰ পুত্ৰই বাৰে বাৰে পঢ়াৰ ক্ষেত্ৰত আৰ্থিক অসুবিধাত পৰিছিল যদিও কেতিয়াও পিছুৱাই অহা নাছিল৷
পিতৃয়ে উপাৰ্জন কৰা টকা কেইটাৰে ঘৰ চলোৱাৰ লগতে পুত্ৰৰ পঢ়াৰ খৰছ উলিয়াই আশা পুহি ৰাখিছিল পুত্ৰই মেট্ৰিকত ভাল ফলাফল কৰিব বুলি৷ পিতৃয়ে আশা কৰা মতেই শুকুৰবাৰে ঘোষণা কৰা ফলাফল অনুসৰি ফলাফল লাভ কৰে পুত্ৰই৷ যাৰ ফলত কেৱল পিতৃয়ে নহয় এতিয়া পুত্ৰৰ গৌৰৱেৰে গৌৰবান্বিত হৈ পৰিছে সমগ্ৰ শিৱসাগৰ জিলা৷ শুকুৰবাৰে ঘোষিত মেট্ৰিকৰ ফলাফলত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সলক্ষম হোৱা গুঞ্জাণন বৰুৱাৰ কথাকে কৈছো৷