নগাঁওঃ ৰাজ্যত আকৌ চালক হত্যা৷ এইবাৰ নগাঁৱত চালকক হত্যা কৰি গাড়ী লৈ উধাও হ’ল৷ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইডঙীয়াৰ এখন পথাৰত আজি পুৱা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এজন গাড়ী চালকৰ মৃতদেহ। ডিঙিত কাপোৰেৰে মেৰিয়াই, হাত-ভৰি ৰচীৰে বান্ধি থোৱা অৱস্থাত গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো।
লগে লগে স্থানীয় লোকে জাজৰি আৰক্ষীক খবৰ দিয়াত অাৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰক্ষীয়ে পৰৱৰ্তী সময়ত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হয়।