newsnextone.com | শিৱসাগৰঃ যোৱা কেইবাটাও দিন ধৰি নগা পাহাৰত নেৰেনেপেৰা বৰষুণ দি থকাৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছে দিখৌ নৈ। ইতিমধ্যে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাই ডুবাই পেলোৱাৰ খবৰ পোৱা গৈছে। বিভিন্ন ঠাইত বাট-পথ ডুবাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি হয়। বিভিন্ন ঠাইৰ পৰা একাংশ পৰিয়ালক অন্য ঠাইলৈ স্থানান্তৰিত কৰাৰ লগতে শিবিৰ স্থাপনৰ বাবেও সাজু হৈছে প্ৰশাসন। মঙলবাৰে ক্ৰমান্বয়ে পানী বাঢ়ি অহা পৰিলক্ষিত হৈছে।
জিলা খনত সৃষ্টি হোৱা অভাবনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু থাকিবৰ বাবে বিভিন্ন চৰকাৰী বিভাগক জিলা উপায়ুক্তই নিদেৰ্শ জাৰি কৰিছে।