ডিজিটেল ডেস্ক |শিৱসাগৰঃ সমগ্র ৰাজ্যৰ লগতে প্রাচীন তন্ত্রপীঠ ৰামখাপীঠ দেৱালয়ত পালন কৰা হৈছে মহাষ্টমী, অতীতৰ পৰম্পৰা ৰক্ষা কৰি আধ্যাত্মিকতা আৰু সম্পূৰ্ণ বৈদিক প্ৰথাৰে পূজা অৰ্চনা কৰা হৈছে ৰামখাপীঠ দেৱালয়ত, ৰজা লক্ষ্মী সিংহই পুনৰ প্ৰতিষ্ঠা কৰা এই থানত সতী পাৰ্বতীৰ বক্ষ প্রতিষ্ঠাপিত হৈ আছে, প্রবাদ আছে যে এই থান অতি জাগ্রিত, ইয়াত ছাগলী, হাঁহ, কুহিয়া, কোমোৰা, জৰা আদি বলি দিয়া হয়৷