68
বেতবাৰীঃ চাওলুং চ্যুকাফাৰ নামেৰে নামকৰণ হ’ব শিৱসাগৰৰ ডিমৌ দিচাং ৰজাবাৰীত স্থাপন হ’ব লগা অ’ এন জি চিৰ মাল্টিস্পেচিয়েলিটী হাস্পতালখন। আজি এই ঘোষণা কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।
হাস্পতালখনৰ আধাৰশিলা মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ অসম গঢ়োঁতা, অসমীয়া জাতিৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নামেৰে নামকৰণ কৰিবলৈ পাই গৌৰৱান্বিত বোধ কৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।