Home ৰাজ্যস্কুলৰ পৰা ঘৰলৈ গৈ থকা কিশোৰীক অপহৰণৰ চেষ্টা কৰা ৰুবুলক ডিব্ৰুগড়ত আটক

স্কুলৰ পৰা ঘৰলৈ গৈ থকা কিশোৰীক অপহৰণৰ চেষ্টা কৰা ৰুবুলক ডিব্ৰুগড়ত আটক

by News Desk
66 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ শিৱসাগৰ জিলাৰ নামতিত সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰি পলাই থকা এগৰাকী লোকক বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে৷ দুদিন পূৰ্বে কিশোৰীক অপহৰণৰ চেষ্টা কৰি পলায়ন কৰা ৰুবুল আলীক ডিব্ৰুগড়ত অভিযান চলাই শিৱসাগৰ জিলাৰ আৰক্ষীয়ে আটক কৰে। নামতিৰ কৰুণাসাগৰ ৰজাবাৰী গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলাইছিল ৰুবুল আলীয়ে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল৷
 
ৰাজ্যত সঘনাই নাৰীজনিত অপৰাধ সংঘটিত হৈ অহাৰ সময়তে শিৱসাগৰ জিলাৰ নামতি কৰুণাসাগৰ ৰজাবাৰী গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ নামতিৰ চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে স্কুলৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত খৰিকটিয়া আলিৰ ৰেল ক্রচিংৰ সমীপত দুৰ্বৃত্তই অপহৰণৰ চেষ্টা কৰে। 

এখন মাৰুতী ভানত অহা দুৰ্বৃত্তই ছাত্ৰীগৰাকীক মাতৃৰ কথা কৈ গাড়ীত উঠাই নিয়াৰ চেষ্টা চলায়। ছাত্ৰীগৰাকীয়ে ভয়ত নিজকে ৰক্ষা কৰিব বিচাৰে যদিও টানি নি গাড়ীত উঠাব খোজেতেই সাহসী ছাত্রীগৰাকীয়ে দুৰ্বৃত্তৰ কৱলৰ পৰা দৌৰ মাৰি নিজকে ৰক্ষা কৰে আৰু এখন দোকানত আশ্ৰয় লৈছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0