শিৱসাগৰঃ জাতিধ্বংসী অসমীয়াৰ হৈ আন্দোলন কৰা শিৱসাগৰত জুই লৈ হাতত ৰাজপথত ওলাই আহিল সদৌ অসম উন্নয়ন পৰিষদ, অসম ছাত্ৰ যুৱ সন্মিলন আৰু বহুতো সংগঠন। ডঃ হীৰেণ গোহাঁই সমৰ্থন কৰিবলৈ হাতে হাতে জুই লৈ ৰাজপথতলৈ ওলাই আহি বি জে পিক মুর্দাবাদ ধৰ্ণা  দি  সংগঠনকেইটাই প্ৰতিবাদ সাবস্ত্য কৰে।

ডঃ হীৰেণ গোহাঁই অসমীয়া তথা ইংৰাজী সাহিত্যৰ এজন প্ৰতিস্থিত সাহিত্যিক, সমালোচক, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ সন্দৰ্ভত অনুষ্ঠিত কৰা এখন সভাত এই বিষয়ত মন্তব্য কৰে ডঃ হীৰেণ গোহাঁইয়ে৷ 

আৰক্ষীয়ে লগতে জ্যেষ্ঠ সাংবাদিক মনজিত মহন্ত আৰু অখিল গগৈৰ বিরুদ্ধেও দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ জনাবলৈ এখন সভ্য অনুষ্ঠিত হৈছিল। এই সভাত বক্তব্য প্ৰদান কৰাৰ পাছত তেওঁৰ ওপৰত গুৱাহাটীৰ লতাশিল থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০, ১২১, ১২২, ১২৩ আৰু ১২৪ ধাৰাৰ অধীনত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ 

এই বিষয়ত ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰ ফলত তেওঁৰ সৈতে থিয় দি হাজাৰ হাজাৰ মানুহ, দল সংগঠন ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷