শিৱসাগৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিয়ে বান সাহায্য প্ৰদানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। ৰাজ্যৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ কৰে।
সংগঠনটোৰ শতাধিক সদস্যই কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসমৰ বানপীড়িতক সাহায্য প্ৰদান কৰক, অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ শিৱসাগৰ নগৰ সমিতিয়ে অসমৰ ৰাইজ বানপানীৰ কবলত পৰি সৰ্বস্বাস্ত হৈ অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে।