শিৱসাগৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে মঙলবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠন দুটাৰ শতাধিক নেতা-কৰ্মীয়ে শিৱসাগৰ চহৰৰ মাজ মজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
খিলঞ্জীয়া ভূমিপুত্ৰক অমানবীয় ভাবে আমচাং অভয়াৰণ্যৰ পৰা উচ্ছেদ কৰাৰ লগতে উচ্ছেদিত লোকৰ খবৰ লব যোৱা কৃষক মুক্তিৰ নেতাক আটক কৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাচনৰ বৰ বৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে৷ জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈছিল যদিও নিৰ্বাচনৰ পিছত সলনি হ’ল বুলি অভিযোগ উত্থাপন কৰে সংগঠনদুটাই৷