শিৱসাগৰঃ ২০০৯ চনত প্রতিষ্ঠা লাভ কৰা শিৱসাগৰৰ চুইমিং চ’চাইটি যাৰ জৰিয়তে উপকৃত হৈছে বহু যুৱক যুৱতী, বহুতে নিজৰ নাম ৰাষ্ট্রীয় আৰু ৰাজ্যিক পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে৷ এই ক্ষেত্রত ৰাষ্ট্রীয় পৰ্য্যায়ত নিৰজ বৰবৰা, শিৱাঙ্গী শৰ্মা আৰু অম্বৰীশ বৰগোঁহাঞিয়ে প্রথম পৰ্য্যায়ত ৰাষ্ট্রীয় পৰ্য্যায়ত প্রতিনিধিত্ব কৰিছিল ইয়াৰ পিছত ক্রমে মঞ্জীম গগৈ, অভিজ্ঞান মাৰ্ধূয্য দত্ত, ভাৰ্গৱ বৰগোহাই, ঝৰ্ণা কাশ্যপ, ৰচিদ আহমেদ, আদিত্য থাপা, প্রাচূৰ্য্য লাহন আৰ্হি বৰগোঁহাই, নিহাৰিকা বায়ন, নিহাৰ ৱাচিৰকে আদি কৰি বহু খেলুৱৈয়ে সাঁতোৰ প্রতিযোগিতাত অংশ গ্রহণ কৰি পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে৷
এইসকলৰ ভিতৰত মঞ্জীম গগৈ আৰু অভিজ্ঞান মাধূৰ্য্য দত্তই ৰাষ্ট্রীয় অভিলেখ লাভ কৰিবলৈ সক্ষম হৈছিল৷ যোৱা ২০১৮ বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ সাঁতোৰ প্রতিযোগিতাত আৰ্হি বৰগোঁহায়ে শ্রেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিছিল৷