শিৱসাগৰঃ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিয়ে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰৰ চহৰৰ মাজ মজিয়াত সংগঠনটোৰ শতাধিক সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰক অসম বিৰোধী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা জনায়৷
কেন্দ্ৰীয় চৰকাৰ আৰু NSCN (IM)ৰ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰে সংগঠনটোৰ কেন্দ্ৰীয় সিমিতিৰ সভাপতি দেৱজিত দত্ত আৰু সাংগঠনিক সম্পাদক অৰূপ বৰুৱাই৷