newsnextone.com | পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত পথৰ সমীপৰে পাৰ হ’বৰ বাবে নিৰ্মাণ কৰা পকী ছিৰি নিৰ্মাণৰ নামত অভিযোগ-প্ৰতিভিযোগ উত্থাপন হ’ব ধৰিছে৷ একাংশ লোকে ছিৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ইপিনে দুৰ্নীতি সংঘটিত হোৱাটো দূৰৰ তথা কাম আৰম্ভ নকৰাকৈ টকা মুকলি কেনেকৈ কৰিব বুলি একাংশ লোকে প্ৰশ্ন উত্থাপন কৰে৷
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা আলমগঞ্জ সপ্তম খণ্ড গাঁৱৰ পানবাৰী ছিনিয়ৰ মাদ্ৰাছাৰ গাতে লাগি থকা গ্ৰাম্য পথত বোকা আৰু পানীৰ বাবে বাৰিষা কালছোৱা মানুহে আহ-যাহ কৰিব নোৱাৰা হয়৷