79
ডিজিটেল ডেস্কঃ এইবাৰ যাত্ৰীক নহয় বিমান সেৱাৰ পৰিচালকক যাত্ৰীয়ে চৰিয়ালে। বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ ডিউটি মেনেজাৰক চৰালে এগৰাকী মহিলা যাত্রীয়ে। ওলোটাই চৰ শোধালে এয়াৰ ইণ্ডিয়াৰ কর্মীও। এই ঘটনাৰ সাক্ষী হৈ ৰল দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পলমকৈ উপস্থিত হোৱা আহমেদাবাদ যাবলগীয়া এগৰাকী মহিলা যাত্রীক বিমানত উঠাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰোতেই এই ঘটনাৰ সূত্রপাত হয়।