পাঞ্জাবাৰীঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাক-জমকতাৰে বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰাৰ সময়তেই আজি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত শাওকুছিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিয়ে পথ অবৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।
সংগঠনটোৰ প্ৰায় তিনি শতাধিক সদস্যই লখৰা-পল্টন বজাৰ সংযোগী পথৰ জৰাজীৰ্ণ অংশ নিৰ্মাণ কৰা, নলা নৰ্দমা সমূহ বিজ্ঞানসন্মতভাবে পুনৰ নিৰ্মাণ কৰা, বিশুদ্ধ খোৱা পানী যোগান ধৰা আদি দাবীত বহু সময় ধৰি পথতো অবৰোধ কৰি ৰাখি বিজেপি চৰকাৰ মুৰ্দাবাদ,গড়কাপ্টানী বিভাগ হায় হায়, ৰমেন্দ্ৰ নাৰায়ন কলিতা মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কপায় তোলে।
এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দিয়া পৰিষদৰ মহানগৰ সমিতিৰ সভাপতি হেমন্ত দাসে ৰাইজৰ স্বাৰ্থত চৰকাৰে শীঘ্ৰে উক্ত দাবীসমূহ পূৰণ নকৰিলে অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি প্ৰকাশ কৰিছে।