নাৰায়ণপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনে যেন প্ৰভাৱিত কৰিব পৰা নাই লখিমপুৰ জিলাৰ ধলপুৰ অঞ্চলটো। ডিজিটেল ইণ্ডিয়াৰ শ্লোগানৰ মাজতে ইন্টাৰনেট সেৱাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে ধলপুৰবাসীয়ে। অঞ্চলটোত বিভিন্ন টেলিক’ম কোম্পানীৰ সেৱা অব্যাহত আছে যদিও উন্নত গতিসম্পন্ন ইণ্টাৰনেট সেৱা কোনো এটা কোম্পানীয়েই দিব পৰা নাই।
ধলপুৰ অঞ্চলত এয়াৰটেলৰ সংযোগ লোৱা গ্ৰাহকৰ সংখ্যা অধিক যদিও কোম্পানীটোৱে গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। ধলপুৰ অঞ্চলত এয়াৰটেলৰ 3G সেৱা উপলব্ধ যদিও অতি নিম্নমানৰ সেৱাই গ্ৰাহকসকলক অতিষ্ঠ কৰি তুলিছে।