নতুন দিল্লীঃ ভাৰত-বাংলাদেশ সীমান্তৰ অসম খণ্ডত উন্মুক্ত নদী সীমান্তত মঙবাৰৰেপৰা আৰম্ভ হ’ব ইলেক্ট্ৰ’নিক পহৰা ব্যৱস্থা। সীমান্তৰ নদীপথেৰে হৈ থকা অনুপ্ৰৱেশ, চোৰাং কাৰবাৰ, অস্ত্ৰ সৰবৰাহ, ড্ৰাগছ আৰু গৰুৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সোমবাৰে জানিবলৈ দিছে কেন্দ্ৰীয় গৃহ দপ্তৰে। 

ব্ৰহ্মপুত্ৰখন বাংলাদেশত প্ৰৱেশ কৰা ধুবুৰী জিলাৰ ৬১ কিল’মিটাৰ নদী সীমান্তত এই 'স্মাৰ্ট ফেন্সিং’ ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব।

Comprehensive Integrated Border Management System-ৰ অধীনত Border Electronically Dominated QRT Interception Technique নামৰ এই প্ৰকল্প মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিব। বাৰিষাৰ দিনত পহৰা দিব নোৱাৰা ব্ৰহ্মপুত্ৰৰ মাজত থকা চৰ আৰু সৰু সৰু পানীৰ সুঁতিত এই স্মাৰ্ট ফেন্সিঙৰ সহায়ত পহৰাৰ ব্যৱস্থা কৰিব পৰা যাব।

এই সমস্যা দূৰ কৰিবৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০১৭ চনতে কাৰিকৰি কৌশল ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।