চাবুৱাঃ ডিব্ৰগড় জিলাৰ চাবুৱাৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ সংগঠনটোৰ চাবুৱা অঞ্চলিক সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে নেৰানেপেৰা আন্দোলন অব্যাহত ৰখাৰ সময়তে যোৱা ২৩ নৱেম্বৰৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, এছ এফ আই, মটক যুৱ-ছাত্ৰ সন্মিলন, ডি ৱাই এফ আই, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ-মঞ্চ আৰু নিৱনুৱা পৰিষদ চাবুৱা আঞ্চলিক সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে পুনৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰিছিল৷
চাবুৱা চাৰিআলিত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি মহাবিদ্যাল খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দাবী উত্থাপন কৰে৷ মহাবিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়ণৰ নামত বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পুঁজিৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ মহাবিদ্যালয়খনৰ প্ৰবক্তাৰ লগতে অন্যান্য কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ বাবেই ডি ডি আৰ মহাবিদ্যালয়খনিয়ে ২০০৫ বষৰ্ত National Assessment and Accreditation councilৰ পৰা Great-B লাভ কৰাৰ পাছতেই মহাবিদ্যালয়খনৰ উন্নয়ণৰ বাবে বিশ্ববিদ্যলয় অনুদান আয়োগে আগবঢ়াই অনুদান।