newsnextone.com | চাবুৱাঃ এখন বৃহৎ বজাৰ৷ যিখন বজাৰে দিব নালাগে জিএছটি নতুবা কোনোধৰণৰ কৰ৷ যি খন বজাৰৰ কথা অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক, অৰুণাচল প্ৰদেশৰ মন্ত্ৰী-বিধায়ক আৰু বৰ বৰ আমোলাইহে জানে৷ এই ব্যৱসায়ৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মন্ত্ৰী-বিধায়ক, আমোলালৈকে সকলোৱে ভাগ লাভ কৰে বুলি একাংশ লোকে কব খোজে৷ নিৰ্বাচনৰ সময়ত এই ব্যৱসায়ৰ সৈতে জড়িত লোকে ৰাজনৈতিক দলবোৰক দিব লাগে চান্দা৷

চান্দাও এটকা-দুটকা নহয় লাখ লাখ টকাৰ দিব লগা হয় চান্দা৷ এই খন ব্যৱসায় চলে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত৷ ব্যৱসায় মাছৰ নহয়৷ এই ব্যৱসায় হৈছে কাঠৰ৷ ৰাজনৈতিক দলেও চান্দা লাভ কৰে বুলি অভিযোগ আছে৷ কেৱল ইমানে নহয় আন আন মাধ্যম সমূহেও ইয়াৰ পৰা ধন লাভ কৰে বুলি অভিযোগ আছে৷ অভিযোগক যদি প্ৰমাণ কৰিব লাগে তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বন মন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে চিবিআইৰ দৰে সংস্থাৰ দ্বাৰা তদন্ত কৰিব লাগিব৷ 

কিয়নো ইমান সহজে কোনেও কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে মাত দিবলৈ সাহস নকৰে৷ এই খন ব্যৱসায়ৰ সৈতে ইমানেই প্ৰভাৱশালী লোক জড়িত আছে যে একোখন জিলাৰ প্ৰশাসন-আৰক্ষীৰ মুৰব্বীকো তেওঁলোকে ভ্ৰক্ষেপ নকৰে৷ কিন্তু এই কথাৰ প্ৰমাণ কৰিব লাগিলে এই ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে সাহসেৰে চলাব লাগিব অভিযান৷ দীৰ্ঘ সময়ৰ মূৰকত বহ্মপুত্ৰ নদীৰ বুকুত চলা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় পোহৰলৈ আহিছে৷ 

তাৰ পিছতেই গৰজি উঠিল উজনিৰ কেইবাটাও দল-সংগঠন। ডিকমত মটক যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই কয় যে যিজন মন্ত্ৰীয়ে গড়কাপ্তানী বিভাগৰ দায়িত্ব পালন কৰিব নোৱাৰিলে সেইজন ব্যৰ্থ মন্ত্ৰীক বন বিভাগৰ দায়িত্ব দি সৰ্বানন্দ সোণোৱালে বন বিভাগটো ধ্বংস কৰিছে। 

একাংশ বন বিষয়াৰ বৃহৎ কমিচনৰ অংকতেই এনেদৰে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে দিনে নিশাই ২০-২৫ খন কাঠৰ প্ৰকাণ্ড প্ৰকাণ্ড চালি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইলৈ সৰবৰাহ হৈ আছে। সংগঠনটোৰ নেতাজনে চৰকাৰক অতি শীঘ্ৰে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ দাবী জনায়। বন ধ্বংস ৰোধ কৰাৰ স্বাৰ্থত জংগী আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হম বুলি জিলা প্ৰশাসনক সকিয়াই দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ ডিকম আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে ডিব্ৰুগড় জিলাৰ উপদেষ্টা চফি আলম খান উপস্থিত থাকে।