গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্নাতকৰ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষা সম্পূৰ্ণ নকৰাকৈ ষষ্ঠ ষাণ্মাষিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিগত কিছুদিন ধৰি ধাৰাবহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ তৎসত্বেও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি পৰ্যন্ত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত আজি এখন সংবাদ মেলৰ আয়োজন কৰি আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত আয়োজন কৰা উক্ত সংবাদমেলত ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতৃত্বই কয় যে বেক অথবা এৰিয়াৰ থকা পৰীক্ষাৰ্থীয়ে একেলগে দুটাকৈ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হোৱাতো অতিশয় দুৰ্ভাগ্যজনক৷ এনে কাৰ্যক ছাত্ৰ বিৰোধীও আখ্যা দিয়ে সংগঠনটোৱে৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে অবাবতে মূল্যৱান শিক্ষা বৰ্ষ হেৰুৱাবলগীয়া হ’ব বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ নেতৃবৰ্গই৷