গোৱালপাৰাঃ সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰো বহু গাঁও আজিও জলমগ্ন হৈ আছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আমিনুল হক আৰু জিলা কাৰ্যকৰী সভাপতি হুুছেইন আহমেদ মাদানীয়ে আজি গোৱালপাৰা অঞ্চলৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি গোৱালপাৰা প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদমেলত শক্তি মন্ত্ৰী পল্লোৱ লোচন দাসক চকু খুলি চাবলৈ আহ্বান জনাই কয় যে, অসমত বানপানী মিডিয়াই সৃষ্টি কৰা নাই সঁচাকৈয়ে ভয়াবহ বানপানী হৈছে৷ শক্তি মন্ত্ৰী পল্লৱলোচন দাসে বানপানী মিডিয়াই সৃষ্টি কৰা বুলি কোৱা কথাষাৰক উভতি ধৰি এই সময় প্ৰতিশ্ৰুতিৰ সময় নহয়, এতিয়া বানাক্ৰান্তৰ বাবে কাম কৰাৰ সময় বুলি উল্লেখ কৰে মাদানীয়ে।