শিমলুগুৰিঃ আৰ আছ এছৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ সংগঠনটোৰ নেতৃত্বত হাতে হাতে জোৰ লৈ ৰাজ পথলৈ ওলাই আহে কেইবাশতাধিক লোক। শিক্ষানুষ্ঠানসমূহক আৰ আছ এছৰ প্ৰভাৱৰ পৰা মুক্ত কৰা,শিক্ষানুষ্ঠান সমূহত অস্ত্ৰ প্ৰশিক্ষণ বন্ধ কৰাৰ দাবীত এইসকললোকে প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ শিমলুগুৰিত৷
শিক্ষাত গেৰুৱাকৰণ বন্ধ কৰা, এজনীয়া শিক্ষকেৰে চলি থকা বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়া, ভেঞ্চাৰ বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰা আৰু ৰাজহুৱাকৈ শিক্ষক সমাজক অপমান কৰা তথাকথিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰো কৰাৰ দাবী জনায়৷