ৰঙিয়াঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজিও ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও সোমবাৰে গৃহ বিভাগে অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিয়ে৷
এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ অধিক তপৰ হৈ পৰে৷ প্ৰতিবাদৰ জৰীয়তে চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিয়ে৷ ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSA জাপি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷