বালিপৰাঃ সাপৰ লগত খেলে তেওঁ। আপুনি মই সাপ দেখিলেই দৌৰ মাৰো, কিন্তু তেওঁ আগুৱাই গৈ সাপৰ সৈতে খেলা কৰে। মানুহৰ ঘৰৰ ভিতৰত, ৰাজপথত, নতুবা আন কোনো ঠাইত সাপ ওলালে তেওঁ দৌৰ মাৰি আহি উদ্ধাৰ কৰি ঘন অৰণ্যত এৰি দি প্ৰকৃতি প্ৰেমৰ নিদৰ্শণ দাঙি ধৰি আহিছে।
আজি পুনৰাই বালিপাৰা সংৰক্ষিত বনাঞ্চলত ১৫ ডাল বিষাক্ত সাপ মুকলি কৰি দিয়ে তেজপুৰৰ সৰ্প মানৱ সৌৰভ বৰকটকীয়ে। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বালিপৰা সংৰক্ষিত বনাঞ্চলত আজি তেজপুৰৰ সৰ্প মানৱ তথা প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে ১৫ ডালকৈ বিষাক্ত সাপ মুকলি কৰি দিয়ে।