সৌ সিদিনা জন্ম হোৱা কেঁচুৱাটোকো মাক বা বাপেকৰ মোবাইলটোত ইউটিউব খুলি এটা ভিডিঅ’ লগাই নিদিলে খাদ্য খাব নোখোজে। টিভি নাচায়, ইনষ্টাগ্ৰামত ৰীল ভিডিঅ’হে চায়। স্কুলৰ ছাৰ-বাইদেউসকলৰ নাম মনত নাথাকিলেও বাৰে-ভচহু ভিডিঅ’ বনাই ভিউজ বুটলা ইউটিউবাৰৰ নাম সলসলকৈ ক’ব পাৰে। সাধাৰণ দৃষ্টিত ল’ৰা-ছোৱালীৰ ইউটিউব বা ইনষ্টাগ্ৰাম আসক্তি কোনো ডাঙৰ কথা নহয়; কিন্তু এইবোৰে শিশুটিৰ মনস্তত্বঃত কিদৰে প্ৰভাৱ পেলাব পাৰে সেয়া কল্পনা কৰাটোও কঠিন।
সমীক্ষা অনুসৰি, শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত বৃদ্ধি পোৱা ছ’চিয়েল মিডিয়াৰ প্ৰতি এই আসক্তি তেওঁলোকৰ মানসিক দুৰ্বলতাৰ অন্যতম কাৰক হৈ পৰিছে। ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্তিয়ে বৃদ্ধি কৰিছে অস্থিৰতা, নিদ্ৰাহীনতা, মনযোগহীনতা, ক্ষয়িঞ্চু স্মৃতিশক্তিৰ দৰে অনেক মানসিক সমস্যাৰ। আৰু এনে সমস্যাসমূহেই এসময়ত তেওঁৰ জীৱন জটিল কৰি তুলিছে। এনে আসক্তিয়ে ভংয়কৰ ৰোগৰ দৰে শিপাই কিশোৰ-কিশোৰী আৰু যুৱ প্ৰজন্মৰ মাজত আনকি আত্মহত্যাৰ দৰে প্ৰৱণতাও বৃদ্ধি কৰিছে।