লিডুঃ লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক লক্ষীনাথ গগৈ প্ৰায় ৮২ বছৰ বয়সত আজি দেহাৱসানৰ ঘটে ।
তেখেত বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল । লিডু অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা উপৰিও লিডু শাখা সাহিত্য সভাৰ সক্ৰিয়ভাৱে সভাপতি পদত দায়িত্ব গ্ৰহণ কৰি লিডু অঞ্চলটোত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰ খন চানেকীৰ দৰে জিলিকাই ৰখাত গগৈ দেৱৰ ভুমিকা আছিল অনস্বীকাৰ্য৷