নগাঁওঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইঘন্টামানহে থকা অৱস্থাত কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা সমষ্টিত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰীক হিংসাত্মক ঘটনা৷ 

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পিছতেই সমষ্টিটোত দুৰ্বৃত্তই জ্বলাই দিলে কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয়৷ জানিব পৰা মতে, মঙলবাৰে নিশা সমষ্টিটোৰ অন্তৰ্গত চকলাঘাটত থকা নিজ হাতীচোং মণ্ডল কংগ্ৰেছৰ দলীয় নিৰ্বাচনী কাৰ্যালয়টোত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই৷ 

নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই কাৰ্যালয়টোত থকা কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী গৌৰব গগৈৰ নিৰ্বাচনৰ বেনাৰ, পোষ্টাৰ আদি ফালি-চিৰি লণ্ড-ভণ্ড কৰাৰ লগতে কাৰ্যালয়টোত অগ্নিসংযোগ কৰে। 

বিজেপি-অগপ মিত্ৰজোঁটৰ কোনো নেতা-কৰ্মীয়ে কংগ্ৰেছ দলৰ উত্থান দেখি হতাশাত ভুগি এনেদৰে কংগ্ৰেছ দলৰ কাৰ্যালয়ত অংগ্নিসংযোগ কৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ শিবিৰে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।