somnath_chatrejee
লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেটাৰ্জীৰ দেহাৱসান

বৰ্ষীয়ান বাওঁপন্থী ৰাজনীতিক তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেটাৰ্জীৰ আজি দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্রান্ত চেটাৰ্জীয়ে কলকাতাত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ ।

সুদীৰ্ঘ চাৰি দশক ধৰি সক্ৰিয় ৰাজনৈতিক জীৱন অতিবাহিত কৰি দেশৰ ৰাজনীতিত এখন সুকীয়া আসন দখল কৰিছিল । ইউ পি এৰ শাসনকালত ২০০৪ বৰ্ষৰপৰা ২০০৯ বৰ্ষলৈ লোকসভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল সোমনাথ চেটাৰ্জীয়ে ।