কামপুৰঃ নগাঁও জিলাত পুত্ৰই জ্বলাই দিলে পিতৃৰ দোকান আৰু বাসগৃহ৷ নগাঁও জিলাৰ কন্দলী শগুনবাহীত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা৷ মদৰ ৰাগীত মাতাল পুত্ৰই অগ্নিসংযোগ কৰি জলাই ভস্মীভূত কৰিলে বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান৷
ঘটনা অনুসৰি দেওবাৰে নিশা শগুনবাহীৰ বাবুল চেত্ৰীৰ পুত্ৰ উমেশ চেত্ৰীয়ে ঘৰলৈ মদ খাই আহি পিতৃ-মাতৃৰ লগত কাজিয়াত লিপ্ত হয়৷ কাজিয়াৰ মাজতে উমেশ চেত্ৰী নামৰ নিচাগ্ৰস্ত যুৱক জনে নিজ মাতৃ আৰু ভাতৃ-ভগ্নীৰ ওপৰত আক্ৰমণ কৰে আৰু বাসগৃহটোৰ লগতে পিতৃৰ গেলামাল দোকানখনত জুই লগাই দিয়ে৷