ডিব্ৰুগড়ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড় জিলাৰ চেচা চাহ বাগিচাত শনিবাৰে পুৱাই ৰোগীক ঠেলাত তুলি চিকিৎসালয়লৈ নিয়াৰ দৃশ্যই বিশেষ চৰ্চা লাভ কৰিছে৷ শনিবাৰে পুৱাই এটি দৰিদ্ৰ পৰিয়ালৰ লোকক ঠেলাত তুলি চিকিৎসালয়লৈ নিয়াৰ দৃশ্য একাংশ লোকে নিজৰ নিজৰ মোবাইলত বন্দী কৰে৷ তাৰ পিছতে হোৱাটছএপ গ্ৰুপ আৰু একাংশ লোকে এই ফটো আন আন ছচিয়েল মাধ্যমত চেয়াৰ কৰে৷
newsnextone.comৰ সংবাদ দাতাই এই ফটো লাভ কৰাৰ পিছত চাহ বাগিচাত উপস্থিত হোৱাত একাংশ লোকে জানিবলৈ দিয়া মতে খনিকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচা চাহ বাগিচাৰ এটি দৰিদ্ৰ পৰিয়ালৰ মাতৃ শুকুৰবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে৷ অৰ্থৰ অভাৱত নিশা চিকিৎসালয়লৈ নিব নোৱাৰাত পুৱাই পিতৃ-মাতৃক ঠেলা এখনত তুলি পুত্ৰই অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে৷