54
লংকাঃ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে হোজাই জিলাৰ লামডিং চহৰ। প্ৰাপ্ত বাতৰি মতে, চহৰখনৰ ঝুলনপুলত পুত্ৰই ডিঙি চেপি অতি নৃশংস ভাৱে হত্যা কৰে পিতৃক।
ঝুলনপুলৰ শিৱ পথৰ নিৱাসী ৰবি দে (৮৫)ই নিজ পুত্ৰৰ কু-কৰ্ম তথা অত্যাচাৰত অতিষ্ঠ হৈ পত্নী আৰু কন্যাৰ সৈতে ভাৰাঘৰত দীৰ্ঘ দিন ধৰি বসবাস কৰি আহিছিল। অভিযোগ অনুসৰি, একমাত্ৰ পুত্ৰ চন্দন দেই বৃদ্ধ পিতৃৰ সৈতে পাৰিবাৰিক কথাক লৈ বিভিন্ন সময়ত তৰ্কা-তৰ্কিত লিপ্ত হোৱাৰ উপৰিও মাৰ-ধৰো কৰি আহিছিল।