newsnextone.com | তেজপুৰঃ ‘মা’ এটা বুজাব নোৱাৰ শব্দ৷ মা মানেই মমতা৷ মা মানেই নিৰাপত্তা৷ মা মানেই অস্তিত্ব৷ মা মানেই আশ্ৰয়৷ মা মানেই এবুকু ভালপোৱা৷ অযুত অৰ্থ লুকাই আছে ‘মা’ শব্দটোত৷

পৃথিৱাৰ সকলোতকৈ আপোন আৰু চৰ্চিত শব্দটো সকলোৰে প্ৰিয়৷ মাৰ ভালপোৱাক আজীৱন স্মৰণ কৰে মানুহে৷ মাক শ্ৰদ্ধা জনাই, মাৰ ভালপোৱাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ প্ৰতি বছৰে মা দিৱস পালন কৰি মাক আমি শ্ৰদ্ধা কৰো৷

মাৰ মৰমৰ অৱদান আমি কেতিয়াও দিব নোৱাৰোঁ৷ জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ ৯ মাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷

কিন্তু সেই সন্তানেই পিছত অৱজ্ঞা কৰে মাতৃক৷ নতুন সংসাৰ লাভ কৰি পাহৰি পেলায় মাকৰ মৰম-ভালপোৱাক৷ কিন্তু সন্তান যিমানেই বেয়া নহলেও এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক এলাগী নকৰে। সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ মৰম অতুলনীয়।

অবুজ প্ৰাণী এটিয়েও জানে সন্তানক মৰম কৰিব৷ সন্তানৰ কাৰণে সমস্ত পৃথিৱীৰ লগত যুদ্ধও কৰিব পাৰে৷ বিশ্ব ব্ৰহ্মাণ্ড ক’তো আশ্ৰয় নাপালেও মাতৃৰ কোলা কিন্তু নিজৰ সন্তানৰ বাবে সদায় সুৰক্ষিত।

কিন্তু সন্তানৰ ওচৰত পিতৃ-মাতৃ কিমান সুৰক্ষিত সেয়া ভাবিহে এতিয়া দুখ লাগে৷ প্ৰতিদিনেই পুত্ৰৰ হাতত বৃদ্ধ পিতৃ-মাতৃ লাঞ্চিত, বঞ্চিত হৈ অহাৰ বাতৰি প্ৰচাৰ হৈয়ে থাকে৷ তদুপৰি পুত্ৰৰ হাতত প্ৰাণো হেৰুৱাইছে বহু অসহায় পিতৃ-মাতৃয়ে৷ যিয়ে সমাজৰ স্খলন ঘটাৰ ইংগিত দিছে৷ 

সংস্কৃতিনগৰী তেজপুৰত পাষণ্ড পুত্ৰৰ হাতত এগৰাকী মাতৃয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত পৰ্বতীয়া সাউদৰ চুবুৰীৰ এজন যুৱকে নিজৰ জন্মদাতৃ মাতৃক দুছেও কৰি হত্যা কৰে৷ এই ঘটনা সংঘটিত হয় দেওবাৰে নিশা৷

জানিব পৰা মতে, মদ কিনিবলৈ পইচা নিদিয়া বাবেই দেওবাৰে নিশা পৰ্বতীয়া সাউদৰ চুবুৰীৰ ধ্ৰুৱ বৰা নামৰ যুৱকজনে মাতৃ সৰুমাই বৰাক নৃশংস ভাৱে হত্যা কৰি মূৰটো বাঁহনীৰ মাজত পেলাই থৈ আহি বাকী শৰীৰছোৱা নিজ ঘৰৰ কুৱাত পেলাই দিয়ে৷ চুবুৰীয়াই মাতৃ সৰুমাই বৰাক ঘৰত নেদেখি পুত্ৰক সোধাত ধ্ৰুৱ বৰাই নিশাৰে পৰা মাতৃ সন্ধানহীন হৈ আছে বুলি চুবুৰীয়াক মিছা মাতে৷ 

কিন্তু চুবুৰীয়াই বাৰী পাছৰ বাঁহনীৰ মাজত মাতৃৰ কটা মূৰ প্ৰত্যক্ষ কৰি ধ্ৰুৱ বৰাৰ ওপৰত সন্দেহ কৰে৷ স্থানীয় ৰাইজে ধ্ৰুৱ বৰাক কৰায়ত্ব কৰি উত্তম মাধ্যম শোধোৱাত শেষত সিয়ে মাতৃক হত্যা কৰা বুলি স্বীকাৰ কৰে৷ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ কুৱাৰ পৰা সৰুমাই বৰাৰ মুণ্ডবিহীন শৰীৰটো উদ্ধাৰ কৰে৷

আৰক্ষীয়ে মাতৃহত্যাকাৰী ধ্ৰুৱ বৰাক আটক কৰি নিজৰ জিম্মাত লৈছে৷ ধৃত ধ্ৰুৱ বৰাই মদ খাবলৈ পইচা বিচৰাত মাতৃয়ে সেয়া দিবলৈ অমান্তি হোৱা বাবেই মাতৃক হত্যা কৰা বুলি আৰক্ষী আৰু স্থানীয় ৰাইজৰ আগত স্বীকাৰ কৰে৷ 

ইফালে, নিজ মাতৃক নৃশংস ভাৱে হত্যা কৰা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে অঞ্চলটোৰ ৰাইজে৷ ধ্ৰুৱ বৰাক আধুনিক পৰশুৰাম আখ্যা দি অতি শীঘ্ৰে তাক শাস্তি প্ৰদান কৰিবলৈ ৰাইজে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷